Posts

Showing posts from July, 2020

Leo Messi

Image

Child sketch

Image
Art by Debabrat Published by dukeshayoung You can order for sketch. Contact Id :- debabratchutia1@gmail.com or do inbox.

জীৱন সংগ্ৰামৰ ৰণকৌশল অথৱা নীতি

Image
জীৱন সংগ্ৰামৰ ৰণকৌশল অথৱা নীতি ✍ দেবব্ৰত চুতীয়া, যোৰহাট (অসম) প্ৰ ত্যেক ব্যক্তিৰ জীৱন সংগ্ৰামৰ এক নিৰ্দিষ্ট আৰু নৱ ৰণকৌশল অথৱা নীতি থাকে আৰু থকাটো প্ৰায় স্বাভাৱিক। এই ৰণকৌশলে প্ৰকৃততে কি সূচায়? ব্যক্তিৰ মূল্যবোধ, প্ৰতিমান, বিশ্বাস, ব্যক্তিগত পৰিচালনা, সিদ্ধান্ত অথৱা কৌশল আৰু উপাৰ্জন আদিয়ে জীৱনৰ ৰণকৌশলৰ সংজ্ঞা বা বিষয়টো পৰিপূৰ্ণ কৰি ৰাখে। যদিহে ব্যক্তিয়ে জীৱনৰ বাবে এটি নিদিষ্ট নীতি বা কৌশল নিৰ্মাণ কৰাত অপৰিপক্ক তেন্তে তেওঁ এটা সম্ভাৱ্য নীতি গ্ৰহণ কৰিব পাৰে। প্ৰকৃততে এই কৌশল প্ৰক্ৰিয়া প্ৰাথমিক অথবা দ্বিতীয়ক বুনিয়াদি স্বৰূপ সামাজিকিকৰণ বিশেষত পৰিয়াল অথবা ঘনিষ্ঠৰ সৈতে বাটোৱাৰা কৰিওঁ গ্ৰহণ কৰিব পাৰি। এই প্ৰেক্ষাপটত স্ব-ৰচিত কৌশলে সমাজৰ অন্যান্য ব্যক্তি সকল, বিভিন্ন সংস্থা বা সমূহৰ সৈতে সাদৃশ্যমূলক সাধাৰণ কৌশল জীৱনৰ বাটত প্ৰখৰতা কিমানদূৰ, সেয়া কোৱা সহজ নহয়। সাধাৰণতে দেখা যায় যে শিশুসকলে নিজস্বভাৱে কোনো বিশেষ সিদ্ধান্ত ল'ব নোৱাৰে যেতিয়ালৈকে তেওঁলোকে নিজকে জীৱনৰ দায়িত্ববোধৰ সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব নোৱাৰে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকে সমাজৰ অন্যান্য ব্যক্তিসমূহক অনুকৰণ বা অন...

বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস

বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস ৰুদ্ধ দুৱাৰ হেঁচোকি ইতিহাসৰ প্ৰাচীৰ খহাই, বৈ আহিছে বিপ্লৱী তেজৰ সুঁতি। হাতত কলমৰ তীক্ষ্ণ বাণী, ক্ষত বিক্ষত হৈ পৰিছে শতিকাৰ কীৰিতি, মুমূৰ্ষু হৈ পৰিছে ভবিষ্যতৰ ইতিহাস! তথাপিও বিপ্লৱৰ গান সিৰে সিৰে গুজি ডেউকা কোবাই ওলাই আহিছে সহস্ৰ তৰুণ-তৰুণী। সময়ৰ ঢালত শত্ৰুৰ শৰ হয় যেন নিমিষতে চূৰ্ণ! আকৌ যেন সময়ে ইতিহাস দোহাৰিছে! অসমী আইৰ চৰণ চুই ৰুক্ষ পক্ষৰ হৃদয় বিদাৰি আকৌ ৰচিব খুজিছোঁ বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস। ✍ দেবব্ৰত চুতীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় @debabrat/-  https://www.facebook.com/100029777538048/posts/322533355415913/?app=fbl

Beautiful Girl

Image
@debabrat <script data-ad-client="ca-pub-9603166861873065" async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"></script>

Beautiful assamese bride

Image
Art by Debabrat
এগালমান আশা, সপোন। গোটেইবোৰ একেলগ কৰি বান্ধি দ'মাই থোৱা আছে। মাজে মাজে দুই এটাই বান্ধোন চিঙি বাস্তৱৰ ওচৰলৈ দৌৰ মাৰে। কেতিয়াবা কাষ পাইগৈ আৰু কেতিয়াবা নাপায়। ওভতি আহি আকৌ টানি টানি জৰীৰে নিজকে বান্ধে। কেতিয়াবা বান্ধোনৰ বাবে অসহ্য নিনাদ হয়। হ'লেও তালৈ কাণ কৰিবলৈ কাৰো আহৰি নাই। দিন বাগৰি দিন যায়। লাহে লাহে সব বান্ধোনৰ যন্ত্ৰনাত চটফটাই চটফটাই নিমাতে গুচি যায় বহু দূৰলৈ। দুই এটাই হেপেটিমুৱা হৈ ৰৈ থাকে। কিন্তু পিছত সিহঁতেও বাস্তৱক লগ নকৰাকৈ গুচি যায়।

জীয়া শিলৰ উচুপনি

   জীয়া শিলৰ উচুপনি কেতিয়াবা শুনিছানে...... জীয়া শিলে উচুপি উঠা? চকুলোৰে উশাহ ঘন কৰা এটা শিল... প্ৰতিটো প্ৰহৰতে টোপাল কাটে। সেউজীয়া পৃষ্ঠভাগৰে বৈ যায় বিৰামহীনভাৱে! টুপ! টুপ! টুপ! কেতিয়াবা কেঁচা চকুলোৰ অনুভূতিত কল্লোলিত হয় বাৰুণৰ হাঁহি। তথাপিও কোনো অভিযোগ নাই। বক্ৰোক্তিৰ অন্তহীন গাঁথা বুকুত গুজি, অহৰ্নিশে নিগৰাই দিয়ে বেদনাৰ অশ্ৰু। নিস্তব্ধৰ কুহৰত শুই পৰে জীয়া শিলৰ আয়ু! হৃদয় স্পৰ্শ অবিহনে টোপাল কাটি, সেউজীয়া হয় শেলেকু আৰু তাৰ বুকুতেই উশাহ সামৰি শুই পৰে জীয়া শিলৰ কথকতা। @দেবব্ৰত