বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস
বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস
বৈ আহিছে বিপ্লৱী তেজৰ সুঁতি।
হাতত কলমৰ তীক্ষ্ণ বাণী,
ক্ষত বিক্ষত হৈ পৰিছে শতিকাৰ কীৰিতি,
মুমূৰ্ষু হৈ পৰিছে ভবিষ্যতৰ ইতিহাস!
তথাপিও বিপ্লৱৰ গান সিৰে সিৰে গুজি
ডেউকা কোবাই ওলাই আহিছে সহস্ৰ তৰুণ-তৰুণী।
সময়ৰ ঢালত শত্ৰুৰ শৰ হয় যেন নিমিষতে চূৰ্ণ!
আকৌ যেন সময়ে ইতিহাস দোহাৰিছে!
অসমী আইৰ চৰণ চুই
ৰুক্ষ পক্ষৰ হৃদয় বিদাৰি
আকৌ ৰচিব খুজিছোঁ
বিপ্লৱী সন্তানৰ বিপ্লৱৰ ইতিহাস।
✍ দেবব্ৰত চুতীয়া
ডিব্ৰুগড় বিশ্ববিদ্যালয়
@debabrat/- https://www.facebook.com/100029777538048/posts/322533355415913/?app=fbl
সুন্দৰ কবিতা
ReplyDeleteআন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Delete