Posts

Showing posts from August, 2020

কাহিনীৰ আঁৰৰ কাহিনী

Image
 👦মৃণ্ময়.......... দুষ্ট কিয় কৰিছা? ছ'ৰি কোৱা প্ৰহেলিকা বাক। 👩 একো নহয় দিয়ক। মই বেয়া পোৱা নাই নহয়। সৰু ল'ৰা-ছোৱালীৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰিলে ভালহে লাগে। মৃণ্ময়।.... তোমাৰ বাবে ই.....মা....ন........ডাঙৰ চকলেট এটা আনিছোঁ নহয়। ব'লা...ব'লা...বলা।...আমি চকলেট খাওঁ ব'লা। 👦চ......ক.....লে....ট!!!..... 😋য়াম্মী😋😋 👨😊😊😊 "........প্ৰহেলিকা বা।.......তুমি আমাৰ ঘৰলৈ একেবাৰে কেতিয়া আহিবা ? খুড়াই আইতাক অকল তোমাৰ কথাই কৈয়ে থাকে.....কৈয়ে থাকে। ............." @ডিউক ছা ইয়ং

সাত নম্বৰ ৱাৰ্ড

 .......... সেইদিনা সাত নম্বৰ ৱাৰ্ডত এক বিকট চিঞৰৰ উৎস বিচাৰি দৌৰ মাৰিলোঁ। স্বচ্ছ কাচৰ ফাঁকেৰে দেখা পালোঁ বিখণ্ডিত শৰীৰৰ পৰা সোলকা-সোলকে বৈ আছে কেঁচা তেজৰ ধাৰা। ৱাৰ্ডৰ শ্বেত ৰঙৰ দেৱালত ৰক্তৰ চমকা-চমক চিত্ৰকলা! দুৱাৰখন খুলি সোমাই যাওঁ বুলি লওঁতেই গম পালোঁ, দুৱাৰ খন ভিতৰৰ পৰা বন্ধ। কিন্তু ৱাৰ্ডৰ ভিতৰত কোনো জীয়া ব্যক্তিৰ উপস্থিতিৰ উমান নাপালোঁ। মন গহ্বৰত অচিন আশংকাই বেৰা দিলেহি। সেই ঠাই এৰি দৌৰিবলৈ বিচাৰোঁতেই হঠাৎ মোৰ শৰীৰৰ মাজেৰে তীব্ৰবেগী আৰ্তনাদৰ কম্পনে চুই গ'ল আৰু মই নিজকে সাত নম্বৰ ৱাৰ্ডত আবিষ্কাৰ কৰিলোঁ। ✍দেবব্ৰত