এগালমান আশা, সপোন। গোটেইবোৰ একেলগ কৰি বান্ধি দ'মাই থোৱা আছে। মাজে মাজে দুই এটাই বান্ধোন চিঙি বাস্তৱৰ ওচৰলৈ দৌৰ মাৰে। কেতিয়াবা কাষ পাইগৈ আৰু কেতিয়াবা নাপায়। ওভতি আহি আকৌ টানি টানি জৰীৰে নিজকে বান্ধে। কেতিয়াবা বান্ধোনৰ বাবে অসহ্য নিনাদ হয়। হ'লেও তালৈ কাণ কৰিবলৈ কাৰো আহৰি নাই। দিন বাগৰি দিন যায়। লাহে লাহে সব বান্ধোনৰ যন্ত্ৰনাত চটফটাই চটফটাই নিমাতে গুচি যায় বহু দূৰলৈ। দুই এটাই হেপেটিমুৱা হৈ ৰৈ থাকে। কিন্তু পিছত সিহঁতেও বাস্তৱক লগ নকৰাকৈ গুচি যায়।
Posts
Showing posts with the label Perception