জীয়া শিলৰ উচুপনি কেতিয়াবা শুনিছানে...... জীয়া শিলে উচুপি উঠা? চকুলোৰে উশাহ ঘন কৰা এটা শিল... প্ৰতিটো প্ৰহৰতে টোপাল কাটে। সেউজীয়া পৃষ্ঠভাগৰে বৈ যায় বিৰামহীনভাৱে! টুপ! টুপ! টুপ! কেতিয়াবা কেঁচা চকুলোৰ অনুভূতিত কল্লোলিত হয় বাৰুণৰ হাঁহি। তথাপিও কোনো অভিযোগ নাই। বক্ৰোক্তিৰ অন্তহীন গাঁথা বুকুত গুজি, অহৰ্নিশে নিগৰাই দিয়ে বেদনাৰ অশ্ৰু। নিস্তব্ধৰ কুহৰত শুই পৰে জীয়া শিলৰ আয়ু! হৃদয় স্পৰ্শ অবিহনে টোপাল কাটি, সেউজীয়া হয় শেলেকু আৰু তাৰ বুকুতেই উশাহ সামৰি শুই পৰে জীয়া শিলৰ কথকতা। @দেবব্ৰত